১৯ বছৰীয়া মডেলক দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৪ জন

কোচিত চলন্ত গাড়ীত এগৰাকী ১৯ বছৰীয়া মডেলক দলবদ্ধ ধৰ্ষণৰ অভিযোগ।

ইতিমধ্যে এই ঘটনাৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃতসকলৰ ভিতৰত এগৰাকী মহিলা। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মডেলগৰাকীক ।
জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা কোচিন শ্বিপয়াৰ্ডৰ সমীপৰ এখন বাৰলৈ গৈছিল ১৯ বছৰীয়া কিশোৰীগৰাকী। তেওঁ আছিল এজন মদ্যপায়ী। ৰাতি বাৰৰ পৰা ওলাই আহি গাড়ীখন ঘৰলৈ যাবলৈ অপেক্ষা কৰি আছিল যুৱতীগৰাকী। সেই সময়ত অভিযুক্তই তেওঁক ঘৰলৈ লৈ যাবলৈ কৈছিল। সেই যুৱতীগৰাকী অভিযুক্তৰ গাড়ীত উঠিল। অভিযোগ অনুসৰি গাড়ীত উঠি যুৱতীগৰাকীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে যুৱককেইজনে। তাৰ পিছত তাইক দলবদ্ধ ধৰ্ষণৰ অভিযোগ। অভিযুক্তই যুৱতীগৰাকীক গভীৰ নিশা ঘৰৰ সমীপৰ এটা স্থানত এৰি থৈ যায়। তাইৰ ৰুমমেটে ছোৱালীজনীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ শৰীৰত আঘাতৰ চিন আছে। সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। স্বাস্থ্য, মহিলা আৰু শিশু কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বীনা জৰ্জে কয়, ‘এয়া এক নিন্দনীয় ঘটনা। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ছোৱালীজনীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব

AssambollywoodDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment