Daily Time Axom

কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

0 38

সাধাৰণ সম্পাদকসহ মুঠ ৭ টা পদত NSUI ৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ।

বৰপেটা জিলাৰ অন্যতম শিক্ষানুষ্ঠান কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ ২০২২ – ২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আজি ৰাতিপুৱাৰ পৰা অনুষ্ঠিত হয় । দিনজোৰা ভোট গ্ৰহণ সম্পুৰ্ণ হোৱাৰ পিছত আবেলি ভোট গণনা আৰম্ভ হয়। ভোট গননাৰ অন্তত মুঠ ১৩ পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত সাধাৰণ সম্পাদকসহ ৭ টা পদত NSUI ৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে। সাধাৰণ সম্পাদকৰ পদত শাহিল জামানে ১৮৬ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। জয়লাভ কৰা প্ৰাৰ্থীসকলক লৈ NSUI,যুৱ কংগ্ৰেছ তথা কংগ্ৰেছৰ কৰ্মীসকলে বিজয় উল্লাস পালন কৰা পৰিলক্ষিত হয়। ইফালে মহাবিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচনত কৃষক মুক্তি সংগ্ৰাম সমিতি, AIUDF আৰু আম আদমী পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও NSUI ৰ গৰিষ্ঠসংখ্যক প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.