কাইলৈৰ পৰা কাটাৰত আৰম্ভ হ’ব ফিফা ৱৰ্ল্ড কাপ, মুঠ ৩২টা দলে অংশগ্ৰহণ কৰিব ফিফা ৱৰ্ল্ড কাপত

নিউজ ডেস্ক, ১৯ নৱেম্বৰঃ কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ফিফা ৱৰ্ল্ড কাপ ২০২২। এইবাৰ এই ফুটবল টুৰ্নামেন্ট কাটাৰত আয়োজন কৰা হৈছে। এই ফুটবল বিশ্বকাপৰ প্ৰথমখন খেল দেওবাৰে অৰ্থাৎ ২০ নৱেম্বৰত শুভাৰম্ভ কৰা হ’ব। উক্ত খেলখনৰ প্ৰথম দিনা ইকুৱেডৰ আৰু কাটাৰৰ মাজত হ’ব আৰু ভাৰতীয় সময় অনুসৰি ৯ বাজি ৩০ মিনিটত আৰম্ভ হ’ব।

জানিব পৰা মতে, আইকনিক টুৰ্ণামেণ্টখন বৰ্তমানলৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ব্যয়বহুল খেল। মধ্য প্ৰাচ্যৰ দেশখনে ইয়াৰ প্ৰস্তুতিৰ বাবে ২২০ বিলিয়ন ডলাৰ ব্যয় কৰিছে।

Daily time axomFIFA World Cup 2022InternationalQatarSports