Daily Time Axom

জম্মু-কাশ্মীৰৰ ভয়াৱহ হিমস্খলনত কৰ্তব্যৰত তিনিজন ভাৰতীয় সেনাৰ মৃত্যু

46

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল চেক্টৰৰ ওচৰত হোৱা হিমস্খলনত তিনিজনকৈ সৈনিকৰ মৃত্যু হয়।

মাচাল খণ্ডত থকা টহলদাৰী দল হিমস্খলনৰ সন্মুখীন হয়। তাৰ পাছতেই ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ হয়।

বৰফৰ মাজৰ পৰা উদ্ধাৰ কৰা জোৱান কেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তিনিজনে মৃত্যুক সাৱতি লয়। দেশৰ প্ৰতি কৰ্তব্য পালন কৰি থকাৰ সময়তে জোৱান কেইজনৰ ছহীদ হয়।

Comments are closed, but trackbacks and pingbacks are open.