Daily Time Axom

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত দুজন

49

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ডিগবৈৰ টিংৰাইত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা দ্ৰুতবেগী চুইফ্ট বাহনৰ। দুৰ্ঘটনাত নিহত হয় দুজন লোক। নিহত লোক দুজন যদুমণি শেনচোৱা আৰু দেৱৰাজ সোণোৱাল। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দেৱাশিস পাচনি নামৰ আন এজন লোক। আহত লোকজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

আহত–নিহত তিনিওজন লোক অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

চাবুৱা ৰহমৰীয়াৰ ড্ৰিলিং ৰীগৰ পৰা নিশাৰ ডিউটি কৰি ঘৰলৈ উভতি আহিছিল তিনিওজন কৰ্মচাৰী। সেই সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত ছুইফ্ট গাড়ীখনৰ নম্বৰ AS 06 M 5275 আৰু ট্ৰাক খনৰ নম্বৰ AS 06 AC 9481।ট্ৰাকখন বেয়া হোৱাৰ বাবে নিশাৰে পৰা পথৰ সোঁমাজত মাজত ৰখাই থোৱাৰ অভিযোগ ।

Comments are closed, but trackbacks and pingbacks are open.