দিল্লী পৌৰসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত ৬৫ গৰাকী প্ৰাৰ্থীয়ে নাম প্ৰত্যাহাৰ কৰিছে। ১৯ নৱেম্বৰ আছিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। অহা ৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব দিল্লী পৌৰসভা নিৰ্বাচন। জানিব পৰা মতে দিল্লী পৌৰসভাৰ নিৰ্বাচনত ১৩৪৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৬৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ বিষয়ে দিল্লীৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্তই জনাইছে, ৫৫ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আৰু বি এছ পিৰ ৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। ৬৭ জন প্ৰাৰ্থীৰ ভিতৰত ৬৪ জন পুৰুষ প্ৰাৰ্থী। বৰ্তমান দিল্লী পৌৰসভাৰ নিৰ্বাচনত ১৩৪৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত আছে ৭০৯ গৰাকী মহিলা। দিল্লী পৌৰ নির্বাচনত বিজেপি, কংগ্রেছ আৰু আপৰ মাজত তিনিপক্ষীয় যুঁজ হ’ব ৷ দিল্লী পৌৰসভাত মুঠ ২৫০টা ৱাৰ্ড আছে। অহা ৭ ডিচেম্বৰত ঘোষণা কৰা হ’ব দিল্লী পৌৰ নিৰ্বাচনৰ ফলাফল।