Daily Time Axom

ম্যানমাৰত বিদ্ৰোহীৰ সৈতে সংঘৰ্ষত নিহত ৭০ জন জোৱান

0 37

ম্যানমাৰৰ ছাগাইং ৰাজ্যত শাসকীয় সামৰিক বাহিনী (জুন্টা) আৰু তেওঁলোকৰ মিত্ৰশক্তিৰ সৈতে বিদ্ৰোহী সংগঠনৰ সংঘৰ্ষ হৈছে।

জনপ্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে যে কমেও ৭০ জন জোৱান নিহত হৈছে। আনহাতে সামৰিক চৰকাৰৰ মিত্ৰ এছ এন এয়ে দাবী কৰিছিল যে ৬০ জনতকৈ অধিক বিদ্ৰোহী আহত হৈছে। ইফালে, দেশৰ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দিবলৈ সামৰিক জন্টাক অধিক হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে।

ম্যানমাৰৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত শুকুৰবাৰে (১৮ নৱেম্বৰ) টকিঅ’ত উপস্থিত হয় জাপানী চলচ্চিত্ৰ পৰিচালক তৰু কুবটা। এই সময়ত বিমানবন্দৰত এক আৱেগিক পৰিস্থিতিৰ সৃষ্টি হৈছিল। সাড়ে তিনি মাহ জন্টা কাৰাগাৰত কটাবলগীয়া হোৱা তাৰুৱে মুক্তি নিশ্চিত কৰাৰ বাবে জাপান চৰকাৰে কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে।

আজিৰ দিনটোতে ম্যানমাৰৰ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে দেশৰ কাৰাগাৰত থকা সকলো ৰাজনৈতিক বন্দীক মুক্তিৰ দাবী জনায়। লগতে সামৰিক জন্টা চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধিৰ আহ্বান জনায়। চলিত সপ্তাহৰ আৰম্ভণিতে জন্টা চৰকাৰে চাৰিজন বিদেশীকে ধৰি ৬ হাজাৰ কয়দীক মুকলি কৰি দিছিল।

ইফালে ম্যানমাৰৰ বিভিন্ন ৰাজ্যত বিদ্ৰোহী যোদ্ধা আৰু সামৰিক জন্টা বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত আছে। সংবাদ মাধ্যম ইৰাৱাডীৰ মতে উত্তৰ ছাগাইং ৰাজ্যত বিদ্ৰোহী গোটসমূহে সামৰিক বাহিনী আৰু তেওঁলোকৰ মিত্ৰশক্তিৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। পিপলছ ডিফেন্স ফৰ্চ বা পিডিএফে দাবী কৰিছিল যে বহু জোৱান আৰু তেওঁলোকৰ মিত্ৰসকল আহত হৈছে।

২০২১ চনত ম্যানমাৰত গণতান্ত্ৰিক চৰকাৰ উৎখাত কৰাৰ পিছৰে পৰা বিদ্ৰোহী সংগঠনসমূহে সামৰিক জন্টাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। জন্টা বাহিনীয়ে তেওঁলোকক দমন কৰিবলৈ বিভিন্ন ৰাজ্যতো অভিযান চলাইছে।

Leave A Reply

Your email address will not be published.