কাছাৰত এখন ট্ৰাকত উদ্ধাৰ ৪৫ কাৰ্টন বিদেশী চিগাৰেট

নিউজ ডেস্ক, ২০ নৱেম্বৰঃ কাছাৰত এখন ট্ৰাকত উদ্ধাৰ ৪৫ কাৰ্টন বিদেশী চিগাৰেট। ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই বিদেশী চিগাৰেট সৰবৰাহ কৰাৰ সময়ত নিশা কাছাৰৰ লাইলাপুৰত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ বিদেশী চিগাৰেট৷ মিজোৰামৰ পৰা অহা NL 01 AC-2059 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই লাইলাপুৰ আৰক্ষীয়ে গোপন চেম্বাৰৰ পৰা জব্দ কৰে ৪৫ কাৰ্টন বিদেশী চিগাৰেট৷

অবৈধ ভাবে চিগাৰেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক ট্ৰাকৰ গ্ৰেপ্তাৰ কৰা হৈছে৷ ধৃত দুজন সোনাই ৰানিঘাটৰ মঃ ৰুস্তম আলি আৰু শিলচৰ মেহেৰপুৰৰ মিনাল উদ্দিন৷

CacharCigarettesDaily time axomIndiaNorth EastSiezed