কচুৱাত বালি কঢ়িয়াই নিয়া টাটা মেজিকৰ চেপাত কৰুন মৃত্যু ৫ বছৰীয়া এটি শিশুৰ

নিউজ ডেস্ক, ২০ নৱেম্বৰঃ কচুৱাত পুনৰ বালি কঢ়িয়াওৱা গাড়ীৰ দৌৰাত্ম্য।বালি কঢ়িওৱা টাটা মেজিকে মহতিয়াই নিলে এটি শিশুক।আজি পুৱা কচুৱা থানাৰ অন্তৰ্গত লংজাপ মাজগাঁৱত বালি কঢ়িয়াই নিয়া টাটা মেজিকৰ চেপাত এটি শিশুৱে কৰুন মৃত্যুক সাৱতি লয়।৫ বছৰীয়া শিশুটিৰ নাম ৰমজান আলি বুলি জানিব পৰা গৈছে।লংজাপৰ পৰা কচুৱা অভিমুখে আহি থকা AS-02-CC 7152 নম্বৰৰ বালি ভৰ্তি টাটা মেজিকখনে এই দুৰ্ঘটনা সংগঠিত কৰে।ইতিমধ্যে কচুৱা আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ লগতে গাড়ীখন জব্দ কৰে। উল্লেখ্য যে সমগ্ৰ দক্ষিন নগাঁৱৰ বিভিন্ন পথত বালি কঢ়িয়াই নিয়া গাড়ীৰ চালকে মইমতালিৰে তীব্ৰ বেগত গাড়ী চলোৱাৰ ফলত বিভিন্ন সময়ত এনে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।

AssamDaily time axomDeathIndia