Daily Time Axom

বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত কাটাৰত নৃত্য প্ৰদৰ্শনৰ বাবে সাজু বলিউড অভিনেত্ৰী নোৰা ফাতেহী

44

নিউজ ডেস্ক, ২০ নৱেম্বৰঃ আজিৰে পৰা কাটাৰত ফুটবলৰ মহাৰণ। বিশ্ব কাপ জয়ৰ বাবে বিশ্বৰ শীৰ্ষ ৩২টা দলে প্ৰতিযোগিতাখনত যুঁজ দিব৷ আজি আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজৰ মেচখনেৰে বিশ্ব কাপ আৰম্ভ হ’ব৷

আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব আৰম্বড়পূৰ্ণ উদ্বোধনী অনুষ্ঠান৷

উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ দক্ষিণ কোৰিয়াৰ বেণ্ড বি টি এছ। বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান বি টি এছ সদস্য জাংকুকে প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰিব। নৃত্য প্ৰদৰ্শন কৰিব বলিউডৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে।

কাটাৰে উদ্বোধনী অনুষ্ঠানত অনুষ্ঠান পৰিৱেশনৰ বাবে মাতিছে আমেৰিকান বেণ্ড ব্লেক আইড পিজ, কলম্বিয়ান গায়ক জে বালভিন, নাইজেৰিয়ান গায়ক পেট্ৰিক নানেমেকা ওকোৰি আৰু আমেৰিকান ৰেপাৰ লিল বেবীকো।

Comments are closed, but trackbacks and pingbacks are open.