নিউজ ডেস্ক, ২০ নৱেম্বৰঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত তথা নগাঁও জিলা কবি সন্মিলনৰ অধীনৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ মাহেকীয়া কবি মেল আজি কামপুৰৰ ভেৱেঙাআটিত অনুষ্ঠিত হয়।কবিমেলৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সম্পাদক প্ৰদ্যুম্ন বৰাই।কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কবি মেলখনত নগাঁৱৰ বহু কেইজন কাব্যনুৰাগী, জেষ্ঠ্য সাংবাদিক সভাৰাম মজুমদাৰ, কামপুৰ পৌৰ সভাৰ সদস্য মালবিকা বৰা উপস্থিত থাকে।অনুস্থানটোত ২৫ গৰাকী ন-পুৰনি কবিয়ে কবিতা পাঠ কৰে।