তাৰক মেহতা কা উলতা চাছমাহ শ্ব’ৰ অভিনেত্ৰী মুনমুন দত্তই জাৰ্মানীত এক সামান্য দুৰ্ঘটনাৰ সন্মুখীন হয়, য’ত তেওঁৰ আঁঠুত আঘাতপ্ৰাপ্ত হয়। এই দুৰ্ঘটনাৰ পিছত তেওঁ নিজৰ ভ্ৰমণৰ মাজতে শেষ কৰি ঘৰলৈ উভতি যাব লগা হয়। তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য দিছে। এই পোষ্টটোত তেওঁ কয়, ‘জাৰ্মানীত এটা সৰু দুৰ্ঘটনা সংঘটিত হৈছে য’ত মোৰ বাওঁ আঁঠুত আঘাত পাইছো।’
তাৰক মেহতাৰ ববিতাৰ চৰিত্ৰত অভিনয় কৰা মুনমুন দত্ত দুদিন পূৰ্বে ছুইজাৰলেণ্ডৰ পৰা জাৰ্মানীলৈ আহিছিল। ইয়াৰ মাজতে তেওঁ কিছু ছবিও শ্বেয়াৰ কৰে। ইয়াৰ পূৰ্বে তেওঁ চুইজাৰলেণ্ডৰ বহু ঠাইৰ ছবিও শ্বেয়াৰ কৰিছিল। আচলতে মুনমুন দত্তই ভ্ৰমণ কৰি ভাল পায়। প্ৰায় এসপ্তাহ পূৰ্বে ইউৰোপ ভ্ৰমণ আৰম্ভ কৰিছিল যদিও জাৰ্মানী পোৱাৰ মাত্ৰ দুদিন পিছতে পথ দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত এতিয়া তেওঁলোকে মাজতে ভ্ৰমণ বন্ধ কৰি ঘৰলৈ উভতি যাব লগা হৈছে। ইণ্টাৰলাকেনৰ পৰা ৰেলযোগে জাৰ্মানীলৈ গৈছিল মুনমুন দত্ত।