মুছলমানক বিশ্বকাপ বৰ্জন কৰিবলৈ আল কায়দাৰ আহ্বান

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা আঞ্চলিক শাখাই মুছলমানসকলক বিশ্বকাপ বৰ্জন কৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি বৰ্জনৰ আহ্বান জনোৱাৰ পিছতো সংস্থাটোৱে বিশ্বকাপত কোনো ধৰণৰ আক্ৰমণৰ ভাবুকি দিয়া নাই। আল কায়দাৰ য়েমেনস্থিত সামৰিক শাখা কাৰ্যালয়ে কাটাৰ বিশ্বকাপৰ তীব্ৰ সমালোচনা কৰিছে।

এক বিবৃতিত তেওঁলোকে কয় যে বিশ্বকাপ আয়োজন কৰি কাটাৰে আৰব উপদ্বীপলৈ অসাধু, সমকামীতাক ঘৃণা কৰা লোকক অনাৰ লগতে দুৰ্নীতি আৰু নাস্তিকতাৰ বীজ সিঁচিছে। এই বিশ্বকাপ আয়োজন কৰি মুছলমান দেশৰ দখল আৰু অত্যাচাৰৰ পৰা মনোযোগ আঁতৰাই ৰখা হৈছে বুলিও তেওঁলোকে ভাবে। সেয়েহে আল কায়দাই মুছলমান সম্প্ৰদায়ক এই বিশ্বকাপ অনুসৰণ নকৰিবলৈ আৰু ইয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনায়।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment