৮০ বছৰীয়া জন্মদিনত বাইডেনে নিজৰ প্ৰিয় কেক কাটি অভিলেখ গঢ়িলে

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ৮০ বছৰীয়া হ’ল।আৰু ইয়াৰ লগে লগে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এক অভিলেখ সৃষ্টি কৰিছে। বাইডেন হৈছে আমেৰিকাৰ একমাত্ৰ ৮০ বছৰীয়া ৰাষ্ট্ৰপতি।
ৱাশ্বিংটনত পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰে বাইডেনে। তেওঁৰ পত্নী জিল বাইডেনে জন্মদিন উদযাপনৰ ফটো টুইটাৰত পোষ্ট কৰে। জো বাইডেনৰ প্ৰিয় জন্মদিনৰ কেকটোও নাৰিকলৰে তৈয়াৰ কৰা হৈছিল বুলি আমেৰিকাৰ প্ৰথম মহিলাগৰাকীয়ে প্ৰকাশ কৰে।
১৯৪২ চনত আমেৰিকাৰ পেনচিলভেনিয়াত জন্মগ্ৰহণ কৰিছিল বাইডেনে। ১০ বছৰ বয়সত পৰিয়ালৰ সৈতে ডেলাৱেৰলৈ গুচি যায়। ১৯৭৩ চনত ডেলাৱেৰৰ পৰা ছিনেটলৈ নিৰ্বাচিত হয়। ২০০৯ চনলৈকে তেওঁ চিনেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ অধীনত উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (২০০৯-২০১৭)। ২০২১ চনত তেওঁ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। জল্পনা-কল্পনা, পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনত বাইডেন প্ৰাৰ্থী হ’ব পাৰে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment