মুম্বাই আৰক্ষীয়ে এগৰাকী যুৱতীক হত্যা কৰি মৃতদেহৰ সৈতে শাৰীৰিক সংগমৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। আৰক্ষীয়ে জনোৱা মতে, মৃত কিশোৰীগৰাকীৰ ৩৮ বছৰীয়া মাতৃ লোকজনৰ প্ৰেমিক আছিল।
আৰক্ষীৰ মতে, ১২ নৱেম্বৰত চেন্নাইত যুৱতীগৰাকীক হত্যা কৰিছিল অভিযুক্তই। মহাৰাষ্ট্ৰৰ ভিৰাৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
ছুটীত মাতৃৰ লগত থাকিবলৈ চেন্নাইলৈ গৈছিল ১৮ বছৰীয়া যুৱতীগৰাকী। প্ৰেমিক ৰাজু নাইৰৰ সৈতে তাতেই বাস কৰিছিল ছোৱালীজনীৰ মাতৃয়ে। ছোৱালীজনীৰ মাতৃয়ে স্বামীৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ৪ বছৰ ধৰি প্ৰেমিকৰ সৈতে চেন্নাইৰ পুনামল্ল অঞ্চলত বাস কৰিছিল।
মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ১২ তাৰিখে ঘৰত প্ৰৱেশ কৰি ছোৱালীজনীৰ মৃতদেহ মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। কেবাটাও সোণৰ অলংকাৰ আৰু নগদ বিশ হাজাৰ টকা ঘৰৰ পৰা নোহোৱা হয়। ওচৰ চুবুৰীয়াই কয় যে ৰাজু খৰখেদাকৈ ঘৰৰ পৰা ওলাই যায়।
মহিলাগৰাকীয়ে ৰাজুৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ কৰে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা গৈছে যে অভিযুক্ত ৰাজুৱে কিশোৰীগৰাকীক হত্যা কৰাৰ পিছত মৃতদেহটোৰ সৈতে শাৰীৰিক সংগম কৰিছিল।
মৃত যুৱতীগৰাকীৰ মাতৃয়ে আৰক্ষীক জনোৱা মতে, দুসপ্তাহমান পূৰ্বে তেওঁৰ কন্যাই ৰাজুৱে তেওঁক নিৰ্যাতন চলোৱাৰ অভিযোগ দিছিল।
আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ পিছতে ৰাজু মুম্বাইলৈ ৰাওনা হয়। মোবাইল ফোন টাৱাৰৰ সহায়ত মুম্বাইৰ পৰা চেন্নাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। আৰক্ষীয়ে জনোৱা মতে, এতিয়াও তদন্ত অব্যাহত আছে।