নিউজ ডেস্ক, ২১ নৱেম্বৰঃ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৬। ভূমিকম্পত এই পৰ্যন্ত কমেও ৪৬জন লোক নিহত। আনহাতে ভূমিকম্পত আহত ৭ শতাধিক লোক।
পশ্চিম জাভাৰ চিয়ানজুৰত ১০ কিলোমিটাৰ (৬.২১ মাইল) গভীৰতাত স্থলভাগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আৰু চুনামীৰ কোনো সম্ভাৱনা নাই বুলি বিএমকেজিয়ে জনাইছে।