Daily Time Axom

উৰিষ্যাৰ জাজপুৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, মালবাহী ৰে’ল লাইনচ্যুত হৈ তিনিজনৰ মৃত্যু

44

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ উৰিষ্যাৰ ভদ্ৰকৰ সমীপত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। দ্ৰুতগতিত অহা এখন মালবাহী ৰে’ল লাইনচ্যুত হৈ প্লেটফৰ্মৰ অভাৰব্ৰীজত উঠিল। লণ্ডভণ্ড হৈ পৰিল সমগ্ৰ ষ্টেচন।

এই দুৰ্ঘটনাত তিনিজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

সোমবাৰে পুৱা উৰিষ্যাৰ জাজপুৰৰ কোড়াই ৰে’ল ষ্টেচনত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।ষ্টেচনটোত এখন মালবাহী ৰে’ল লাইনচ্যুত হয়। জানিব পৰা মতে আজি পুৱা পূব উপকূল ৰে’লৱেৰ অন্তৰ্গত কোড়াই ষ্টেচনত এখন মালবাহী ৰে’ল লাইনচ্যুত হয়।

কোড়াই ষ্টেচনৰ বালোৰ-ভুৱনেশ্বৰ ডিএমইউত উঠিবলৈ বহু যাত্ৰীয়ে অপেক্ষা কৰি আছিল তেনে সময়তে দ্ৰুতবেগী মালবাহী ৰে’লখন লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয়।

Comments are closed, but trackbacks and pingbacks are open.