নিউজ ডেস্ক, ২১ নৱেম্বৰঃ পাঞ্জাৱাৰীত গুলীবিদ্ধ ৰঞ্জিত বৰাৰ মৃত্যু। জি.এম.চি.এইছত শেষ নিশ্বাস ত্যাগ কৰে লোকজনে।
জিএমচিএইচলৈ নিয়াৰ পথতে মৃত্যু হয় ৰঞ্জিত বৰাৰ। আজি পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল বৰা। পূৰৱী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ আছিল নিহত ৰঞ্জিত বৰা।
গুলীচালনাত গুৰুতৰভাৱে আহত ৰঞ্জিত বৰাক লগে লগে প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ। কিন্তু হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হয় লোকজনৰ। বেংকত ২ লাখ ধন জমা কৰিবলৈ যোৱাৰ সময়তে গুলীচালনা কৰিছিল দুৰ্বৃত্তই।