Daily Time Axom

চীনত কাৰখানাত অগ্নিকাণ্ড, ৩৬ জন লোকৰ প্ৰাণহানি

0 42

চীনৰ আনয়াঙৰ এটা কাৰখানাত অগ্নিকাণ্ড। এই পৰ্যন্ত ৩৬ জন লোকৰ মৃত্যু হৈছে। সন্ধানহীন হৈছে দুজন লোক। দেশৰ বিষয়াসকলে এই তথ্য প্ৰকাশ কৰে।

স্থানীয় বিষয়াসকলে জনোৱা মতে, কালি সোমবাৰে (২১ নৱেম্বৰ) কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হৈছিল। ইয়াক সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনিবলৈ চাৰি ঘণ্টা সময় লাগিছিল।

চীনৰ মধ্য হেনান প্ৰদেশৰ কাৰখানাটোত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আঁৰৰ সন্দেহযুক্ত দোষীক জিম্মাত লোৱা হৈছে। দেশৰ বিষয়াসকলে এই সন্দৰ্ভত কোনো সবিশেষ প্ৰকাশ কৰা নাই।

দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ২০০ জন উদ্ধাৰ কৰ্মী আৰু ৬০ জন অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাম কৰিছিল।

Leave A Reply

Your email address will not be published.