পৰিয়ালৰ অমতত বেলেগ জাতিৰ ল’ৰাৰ সৈতে বিবাহ। তাৰেই পৰিণতিত পিতৃয়ে হত্যা কৰে কন্যাক। আনকি ইয়াতেই শেষ নহয়। জীয়েকৰ মৃতদেহ এটা ছুটকেছত ভৰাই এখন গাড়ীত লৈ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত পেলাই দিয়ে। সোমবাৰে মথুৰা আৰক্ষীয়ে এনে দাবী উত্থাপন কৰিছে। কিশোৰীগৰাকীৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিশোৰীগৰাকীৰ পিতৃ-মাতৃক। মথুৰাৰ আৰক্ষী অধীক্ষক অভিষেক যাদৱে কয় যে তেওঁলোকে আয়ুষী চৌধুৰী (২২)ক পৰিয়ালৰ সন্মান ৰক্ষাৰ বাবেই পিতৃ নিতেশ যাদৱে ছোৱালীজনীক হত্যা কৰে। লগতে পৰিয়ালটোৰ আন দুজন সদস্য জড়িত থকাৰ দাবী আৰক্ষীয়ে। আয়ুশীৰ মাতৃকো গ্ৰেপ্তাৰ কৰা হৈছে।
ঘটনাক্ৰমে, ১৮ নৱেম্বৰত উত্তৰ প্ৰদেশৰ মথুৰা অঞ্চলত কিছুমান শ্ৰমিকে পৰিত্যক্ত হৈ পৰি থকা এটা ৰঙা ছুটকেছ উদ্ধাৰ কৰে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে গৈ ছুটকেছটোৰ পৰা প্লাষ্টিকেৰে মেৰিয়াই থোৱা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাৰ তদন্তৰ বাবে মথুৰা আৰক্ষীয়ে ৮টা দল গঠন কৰে। তদন্তকাৰীয়ে ছুটকেছ বা চিচিটিভিৰ ফুটেজ চাবলৈ আৰম্ভ কৰে আৰু ছ’চিয়েল মিডিয়াত বিভিন্ন একাউণ্ট চাবলৈ আৰম্ভ কৰে। আনকি যুৱতীগৰাকীক চিনাক্ত কৰিবলৈ বিভিন্ন ঠাইত পোষ্টাৰ লগোৱা হৈছিল। ইয়াৰ দুদিন পিছত দেওবাৰে পুৱা এজন অচিনাকি ব্যক্তিৰ ফোন পোৱাৰ পিছতে তদন্তকাৰীয়ে গম পায় যে মৃতদেহটো দক্ষিণ দিল্লীৰ বদৰপুৰ নিবাসী আয়ুষী চৌধুৰীৰ। ইয়াৰ পিছতে আৰক্ষীয়ে দিল্লীৰ আয়ুশীৰ ঘৰলৈ গৈ তেওঁৰ মৃতদেহ চিনাক্ত কৰে। তালৈ গৈ পুলিচে গম পালে যে আয়ুশীৰ পিতৃ নিতেশ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ইয়াৰ পিছতে তদন্তকাৰীসকলে মাক আৰু ভাতৃৰ সৈতে মথুৰা পায়গৈ।
পিতৃক বিচাৰি পোৱাৰ পিছত আৰক্ষীয়ে নিতেশক জিম্মাত লয়। সেই তিনিজনৰ সৈতে আয়ুশীৰ মৃতদেহ চিনাক্ত কৰা হয়। ইয়াৰ পিছত আৰক্ষীয়ে আয়ুশীৰ পিতৃক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ মতে, ১৭ নৱেম্বৰ বৃহস্পতিবাৰে আয়ুশীৰ পিতৃয়ে হত্যা কৰিছিল। অভিযোগ অনুসৰি ছাত্ৰপাল চৌধুৰী নামৰ বেলেগ জাতিৰ পুত্ৰক বিয়া কৰাই পৰিয়ালটোক জনোৱা নাছিল । ঘৰলৈ উভতি অহাৰ পিছত আয়ুশীৰ পৰিয়ালৰ লগত কাজিয়া হোৱাত পিতৃয়ে অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে আয়ুশীক হত্যা কৰে। তাৰ পিছত ছোৱালীজনীৰ মৃতদেহটো প্লাষ্টিকেৰে মেৰিয়াই এটা ছুটকেছত ভৰাই, আয়ুশীৰ মাকে এই কামত নিতেশক সহায় কৰে। নিতেশে নিজে গাড়ী চলাই মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত ছুটকেছত ভৰাই ছোৱালীজনীৰ মৃতদেহ পেলাই দিয়ে।