ভূমি পেডেনকাৰ, বিকি কৌশল আৰু কিয়াৰা আদৱানীয়ে একেখন ছবিতে একেলগে অভিনয় কৰা দেখা যাব।
ছবিখনৰ নাম ‘গোবিন্দ নাম মেৰা’।
সম্প্রতি চিনেমা প্রেমীসকলে টিজাৰটো চাই ছবিখনৰ প্রতি আগ্রহী হৈ পৰিছে৷ ছবিখন পৰিচালনা কৰিছে শশাংক খৈতনে। ভৱায়াকম১৮ আৰু ধৰ্ম প্ৰডাকচনৰ দ্বাৰা প্ৰযোজ্য। অহা ১৬ ডিচেম্বৰত মুক্তি পাব ছবিখন।
ছবিখনত বিকিয়ে গোবিন্দৰ চৰিত্ৰত অভিনয় কৰিছিল। ভূমি আৰু কৃতিয়ে ক্ৰমে তেওঁৰ অন-স্ক্ৰীণ পত্নী আৰু প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছিল। পেছাত কৰিঅ’গ্ৰাফাৰ গোবিন্দ পত্নীৰ নিৰ্যাতনত বিৰক্ত। কিন্তু টকাৰ অভাৱত তেওঁ পত্নীক বিবাহ বিচ্ছেদ কৰিবলৈ অক্ষম। ইয়াৰ মাজতে গোবিন্দ আৰু তেওঁৰ প্ৰেমিক হত্যাৰ জালত আবদ্ধ হৈ পৰে। শেহতীয়াকৈ মুক্তি লাভ কৰিছে ছবিখনৰ ট্ৰেইলাৰ। আৰম্ভণিতে যিয়ে দৰ্শকৰ মাজত সঁহাৰি দিছে।
হত্যা, ৰহস্য, কমেডী আৰু থ্ৰিলাৰেৰে ভৰা ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰিছে ছবিখনৰ নিৰ্মাতা আৰু বিতৰকসকলে।