Daily Time Axom

মহানগৰীত CCTV কেমেৰা সংস্থাপনৰ নামত বিয়াগোম লুন্ঠন

0 30
  • ধৰ্মকান্ত গগৈ

মহানগৰ গুৱাহাটীত পুনৰ কালি দিন-দুপৰতে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈ যায়। পাঞ্জাবাৰী পূৰবী ডায়েৰি মানে দিছপুৰৰ তেনেই নাতিদূৰত।মটৰ চাইকেলত নম্বৰবিহীন ভাৱে হেলমেট পৰিহিত অপৰাধীৰ আক্ৰমণৰ বলি হৈ মৃত্যুবৰণ কৰিলে এজন নিৰীহ ব্যক্তিয়ে। আৰক্ষীয়ে এতিয়াও অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনমানৰ CCTV ৰ ফুটেজ সংগ্ৰহ কৰি স্মাৰ্ট মহানগৰ আৰক্ষীয়ে তদন্ত চলাই আছে। মুখ্যমন্ত্ৰী মহোদয়েও স্পষ্ট কৰি দিছে – মহানগৰত অপৰাধ কৰি অপৰাধী বাচি যাব নোৱাৰে-আমি পাঞ্জাবাৰী লগতে সমগ্ৰ মহানগৰখনতে CCTV কেমেৰা স্থাপন কৰিম।মুঠতে অপৰাধ ৰোধৰ ক্ষেত্ৰত কোনো কৃপনালি কৰা নহব।

এইখিনিতে মাননীয় মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক অৱগত কৰিব বিচাৰো যে ইতিপূৰ্বেই তেখেতৰ আগৰ কেইবাজনো মুখ্যমন্ত্ৰীয়ে তেখেত সকলৰ শাসনৰ কালত হাজাৰ-হাজাৰ কোটি ব্যয় কৰি মহানগৰবাসীৰ সুৰক্ষাৰ বাবে CCTV কেমেৰা সংস্থাপন কৰি গৈছে।(কেৱল কাগজে-পত্ৰে- বিয়াগোম লুন্ঠন আৰু ফাঁকিৰে )।

২০১৩ চনতে চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে ৩০০ CCTV কেমেৰা সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিছিল। কিন্তু ২০১৫ চনলৈকে ২৯০ টা CCTV কেমেৰা সংস্থাপন হয় যদিও ২০১৭ চনলৈকে ৯০ শতাংশ কেমেৰা বিকল হৈ পৰে।পৰৱৰ্তী পৰ্যায়ত পুনৰ চৰকাৰে Guwahat smart city Limited ৰ অধীনত ২২৯৬ কোটি টকাৰে ৪০০০ CCTV কেমেৰা সংস্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু CCTV কেমেৰা সমূহ কি হ’ল ক’ত গ’ল জনা নাযায়?

এতিয়া পুনৰ ড’ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি পাঞ্জাবাৰী ঘটনাৰ পাছত ঘোষণা কৰিছে- মহানগৰৰ সুৰক্ষাৰ স্বাৰ্থত CCTV কেমেৰা স্হাপন কৰা হ’ব।

মুখ্যমন্ত্ৰী মহোদয় প্ৰথমে পূৰ্বৰ হাজাৰ-হাজাৰ কোটি টকাৰে সংস্হাপন কৰা CCTV কেমেৰা সমূহৰ কি হ’ল- ক’ত গ’ল -কোনে এই কোটি কোটি মাৰি খালে এটা তদন্ত কৰি অপৰাধীক আটক কৰক।কিয়নো মহানগৰীত অপৰাধ ৰোধৰ ক্ষেত্ৰত CCTV ৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি-কিন্তু এই অপৰাধীত কৈও কোনো গুনে কম নহয় CCTV ৰ সংস্থাপনৰ নামত ধন উদৰস্থ কৰা চক্ৰ।সেয়েহে পাঞ্জাবাৰী হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনাবোৰৰ বাবে হত্যাকাৰীৰ লগতে সমানেই এই সকলো দায়ী।

(লেখক, সভাপতিঃদুৰ্নীতি বিৰোধী যুৱশক্তি অসম)

Leave A Reply

Your email address will not be published.