Daily Time Axom

কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, মালবাহী ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত
থিতাতে নিহত ৫ জনকৈ যুৱক

34

নিউজ ডেস্ক, ২২ নৱেম্বৰঃ কলিয়াবৰৰ উলুৱনি থানাৰ অন্তৰ্গত হাতীয়েখোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হৈছে এক শোকাৱহ ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে পাঁচ গৰাকী আৰোহী নিহত হয় ৷ হুণ্ডাই আৰ’ৰা আৰু এখন মালবাহী ট্ৰাকৰ মুখামুখী সংঘৰ্ষৰ ফলতেই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷

এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ এখন আওৰা বাহন আৰু ইউ পি ৩৭ এ টি ২৭৬৫ নম্বৰৰ মালবাহী ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত চাৰিচকীয়া বাহন খনত থকা পাঁচ জনকৈ যুৱকে কৰুণ মৃত্যুক সাৱটি লয়।

ঘটনাস্থলীত চুলুং আৰু উলুৱনী আৰক্ষী উপস্থিত হৈ নিহত লোক কেইজনক উদ্ধাৰ কৰে। ঘটনা সংঘটিত কৰাৰ পিছতেই অৱশ্যে ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমান পলাই গৈছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত নিহত পাঁচজন আৰোহীৰ ভিতৰত তিনিজন ক্ৰমে বোকাখাত কলাখোৱাৰ সন্দীপ কুমাৰ পাল (চালক), বোকাখাত ভূতপাৰা মৌমাখিৰ বিবেক দাস, বোকাখাত কলাখোৱাৰ সঞ্জয় দাস ৷

Comments are closed, but trackbacks and pingbacks are open.