নিউজ ডেস্ক, ২২ নৱেম্বৰঃ ঘোষণা কৰা হৈছে হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলৰ ফলাফল। সোমবাৰে নিশা ঘোষণা কৰা হয় হাউলী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ এই ভাগ্য পৰীক্ষাৰ খেলৰ ফলাফল। প্ৰতিবছৰে আয়োজন কৰা এই খেলখনৰ ফলাফলক লৈ উৎকণ্ঠিত হৈ থাকে বহু লোক। ২১খনকৈ বিলাসী বাহন পুৰস্কাৰ হিচাপে আছে এইবাৰৰ ৰাস মহোৎসৱৰ লটাৰী খেলত। কালি নিশা এই ভাগ্য পৰীক্ষাৰ খেলৰ পুৰস্কাৰসমূহ ঘোষণা কৰা হয়।
এই খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে বিলাসী অ’ডি গাড়ী, দ্বিতীয় পুৰস্কাৰ এম জি হেক্টৰ আৰু তৃতীয় পুৰস্কাৰ টাটা হেৰিয়াৰ। লগতে আছে মহিন্দ্ৰা থাৰ, হুণ্ডাই ক্ৰেটা, কিয়া ছনেট, হুণ্ডাই ভেনু, টাটা এনট্ৰ’জ, হুণ্ডাই গ্ৰেণ্ড আই–১০সহ বহু বিলাসী বাহন।
Comments are closed, but trackbacks and pingbacks are open.