চীনত পুনৰ বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে মঙলবাৰৰ পৰা বেইজিঙৰ সকলো উদ্যান আৰু সংগ্ৰহালয় বন্ধ কৰি দিয়া হৈছে। কেইবাখনো চহৰত প্ৰতিজন বাসিন্দাৰ কৰ’না পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। সোমবাৰে চীনত ২৮,১২৭ জন লোক কৰ’নাত আক্ৰান্ত হয়। যিটো যোৱা এপ্ৰিল মাহত দৈনিক সৰ্বাধিক সংক্ৰমণৰ ওচৰ চাপিছে।
আক্ৰান্তৰ অধিকাংশই দক্ষিণৰ গুৱাংঝৌ আৰু দক্ষিণ-পশ্চিমৰ চংকিঙৰ। ৰাজধানী বেইজিংতো বৃদ্ধি পাইছে সংক্ৰমণ। এনে পৰিস্থিতিত বেইজিং প্ৰশাসনে জৰুৰী প্ৰয়োজনৰ বাহিৰে স্থানীয় লোকসকলক ঘৰৰ পৰা ওলাই যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।
সোমবাৰে চীনত এই ভাইৰাছত আক্ৰান্ত হৈ ২ জন লোকৰ মৃত্যু হয়। যোৱা শনিবাৰ আৰু দেওবাৰে ৩ জন লোকৰ মৃত্যু হয়। যোৱা মে’ মাহৰ পাছত পুনৰ কৰ’ণাৰ বাবে চীনৰ মৃত্যু হৈছিল। বেইজিং প্ৰশাসনে কয় যে মহানগৰীত প্ৰৱেশ কৰিবলৈ হ’লে পৰীক্ষাৰ প্ৰতিবেদন তিনিবাৰ নিগেটিভ হ’ব লাগে।