নিজৰ দলৰ সাংসদৰ বিদ্ৰোহৰ সন্মুখত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক

কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা ঋষি সুনাকে এমাহ নৌহওঁতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল।

ইয়াৰ মাজতে তেওঁ নিজৰ দলৰ সাংসদৰ বিদ্ৰোহৰ সন্মুখীন হ’ল। এই বিদ্ৰোহৰ ফলত ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে গৃহ নিৰ্মাণ আঁচনিৰ সৈতে জড়িত এখন বিধেয়কৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল। জানিব পৰা মতে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে সংসদত গৃহীত হ’বলগীয়া গৃহ নিৰ্মাণ পৰিকল্পনাৰ সৈতে জড়িত বিধেয়ক এখনৰ ওপৰত ভোটদানৰ আয়োজন কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ দলৰ সাংসদসকলে বিধেয়কখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে তেওঁ আপাততঃ আঁতৰি যায়।

সূত্ৰ অনুসৰি এই বিধেয়কখনৰ বিৰুদ্ধে ৫০ জন সাংসদে স্থিতি গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত মন্ত্ৰী পৰিষদৰ আঠজন সদস্য আছে। বুধবাৰে ব্ৰিটেইনৰ সংসদত এই বিধেয়কখনৰ ওপৰত বিতৰ্ক হ’বলগীয়া আছিল। অহা সোমবাৰে ভোটদান কৰাৰ কথা আছিল। কিন্তু এই বিদ্ৰোহৰ ফলত ভোটদানত পলম হ’ল। আনকি অহা কেইসপ্তাহমানৰ বাবে স্থবিৰ হোৱাৰ সম্ভাৱনাও আছে। আনহাতে, ব্ৰিটেইনৰ বিৰোধী দলসমূহে দাবী কৰে যে প্ৰধানমন্ত্ৰী সলনি কৰিলে সমস্যাৰ সমাধান নহ’ব। নতুন সাধাৰণ নিৰ্বাচনৰ দাবী।

Daily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment