এই নিয়ম মানিলে ভৰি নাফাটে

শীতকাল আহি আছে। শীতকালৰ এটা সমস্যা হ’ল গোৰোহা ফটা। যদি আপুনি এই বিড়ম্বনাৰ মাজত পৰিব নিবিচাৰে তেন্তে শীতৰ আৰম্ভণিৰ পৰাই ভৰিৰ অতিৰিক্ত যত্ন ল’ব লাগিব।

  • ভৰি দুখন সদায় পৰিষ্কাৰ কৰি ৰাখক। ধূলি ভৰিৰ আটাইতকৈ ডাঙৰ শত্ৰু। গতিকে বাহিৰৰ পৰা উভতি অহাৰ পিছত ভৰি ধোৱাত পলম নকৰিব। লগতে ভৰিত ক্ষাৰকীয় চাবোন ব্যৱহাৰ নকৰিব। ভৰি তিতি থকা অৱস্থাত ফুট ক্ৰীম বা মইশ্ব’ৰাইজাৰ লগাব লাগে। দিনত পেট্ৰলিয়াম জেলী ব্যৱহাৰ নকৰিব।
  • গা ধুওঁতে বা ৰাতি শুই উঠাৰ আগতে স্ক্রাবেৰে ফাটি যোৱা গোৰোহা স্ক্রাব কৰিব লাগে। তাৰ পিছত পেট্ৰলিয়াম জেলী লগাব।
  • অথবা পেট্ৰলিয়াম জেলীৰ সলনি গ্লিচাৰিন আৰু গোলাপ পানীৰ মিশ্ৰণ বনাই নিয়মিতভাৱে গোৰোহাত লগাব লাগে। ইয়াৰ দ্বাৰা শীতকালত ভৰি ফাটি যোৱাৰ সমস্যা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব।
  • অতিৰিক্ত গৰম পানীয়ে ছালখন অধিক শুকান কৰি তোলে। ভৰি গা ধুবলৈ বা চাফা কৰিবলৈ কুহুমীয়া পানী ব্যৱহাৰ কৰক। লগতে ভৰি দুখন বেছি সময় পানীত ডুবাই ৰখাটোও ভাল নহয়।
  • মোজা ন’হলে জোতা পিন্ধিব নালাগে। গোটেই দিনটো ইফালে সিফালে দৌৰিলে গোৰোহাত চাপ পৰে আৰু ভৰিৰ গোৰোহাৰ ক্ষতি হয়। মোজা পিন্ধিলে ক্ষতিৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পায়।
  • ৰাতি কপাহী মোজা পিন্ধি ভৰিত মইশ্ব’ৰাইজাৰ লগাব পাৰে। ই ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰিব।
AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment