বাংলাদেশত কেৰিয়াৰৰ প্ৰথমখন ছবিৰ শ্বুটিঙৰ সময়ত সহ অভিনেতা এজনক চৰ মাৰিছিল বুলি কয় বলীউডৰ চেনচেচন নোৰা ফাতেহীয়ে।
শেহতীয়াকৈ নোৰাই টেলিভিছনৰ এটা অনুষ্ঠানত অভিনয় কৰিছিল। তাতে তেওঁ ক’লে, ‘এবাৰ বাংলাদেশত শ্বুটিং কৰি থাকোঁতে এজন অভিনেতাই মোৰ লগত বেয়া আচৰণ কৰিছিল। মই তাক চৰ মাৰিলোঁ আৰু সি মোক উত্তৰত চৰ মাৰিলে।তাৰ পিছত আমাৰ মাজত এখন ডাঙৰ যুদ্ধ হ’ল। পৰিচালকে আহি কাজিয়া বন্ধ কৰালে।
অৱশ্যে নোৰাই এই কাজিয়া কাৰ লগত সংঘটিত হৈছিল, তেওঁ বাংলাদেশী নে ভাৰতীয় সেই কথা প্ৰকাশ কৰা নাই। আইটেম ছং আৰ্টিষ্ট হিচাপে নোৰাই বলীউডৰ কেইবাখনো ছবিত দৃষ্টি আকৰ্ষণ কৰিছে। হিন্দীৰ উপৰিও দক্ষিণ ভাৰতীয় ছবিতো নোৰাক দেখা যায়।
মৰক্কোৰ বংশৰ নোৰাৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল কানাডাত। সৰুতে শ্বাহৰুখ খান আৰু হৃতিক ৰোশনৰ অনুৰাগী আছিল। নোৰা তেওঁৰ চিনেমা চাই ডাঙৰ হৈছিল। তেতিয়াৰ পৰা বলীউডত কাম কৰাৰ সপোন। কিন্তু ৰক্ষণশীল পৰিয়ালত সেয়া অসম্ভৱ নাছিল। পিছত নোৰা বলীউডত নিজৰ নাম উজলাই তোলাৰ সপোন লৈ ভাৰতলৈ আহে।