নিউজ ডেস্ক, ২৩ নৱেম্বৰঃ মেঘালয়ৰ পাছত শিৱসাগৰৰ নাগালেণ্ড সীমান্তত উত্তেজনা। নাজিৰাৰ বিহুবৰত নগা আৰক্ষীয়ে ভাঙিলে কেইবাখনো হোটেল, দোকান। ঔগুৰিজানত পুৱাই এক্সকেভেটৰেৰে ভাঙিলে দোকান-পোহাৰ। অসমৰ মাটিত নাগালেণ্ড প্ৰশাসনৰ অভিযানক লৈ উত্তেজনা।
দোকান-পোহাৰসমূহত সুৰাৰ অবাধ প্ৰচলন চলাৰ অভিযোগ নাগালেণ্ডৰ। চুবুৰীয়া ৰাজ্যৰ সকীয়নিৰ বিপৰীতে নিৰ্বিকাৰ আছিল নাজিৰা মহকুমা প্ৰশাসন।
দুদিন পূৰ্বে নাজিৰা প্ৰশাসনক নস্যাৎ কৰি নাগিনীমৰা প্ৰশাসনে দিছিল সকীয়নি। বুধবাৰে পুৱাই অকৰ্তৃত্বশীলভাৱে নগা প্ৰশাসনৰ অতৰ্কিত উচ্ছেদ ঔগুৰিজানত। দীৰ্ঘদিন ধৰি বিহুবৰৰ ঔগুৰিজান নিজৰ বুলি দাবী কৰি আহিছে নাগালেণ্ডে।
Comments are closed, but trackbacks and pingbacks are open.