ইণ্ডোনেছিয়াত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি

সোমবাৰে ইণ্ডোনেছিয়াত পশ্চিম জাভা প্ৰদেশৰ চিয়ানজুৰত সংঘটিত ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি এই ধ্বংসলীলাত এতিয়ালৈকে ২৭১ জন লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সংস্থাই জনোৱা মতে, ভূমিকম্পৰ পিছত ১৫১ জন লোক নিৰুদ্দেশ হোৱাৰ বিপৰীতে ১০৮৩ জন আহত, যিসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, ৩০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। কিন্তু এই সকলোবোৰৰ মাজতে এটা ভাল খবৰও আহিছে যে বুধবাৰে গভীৰ সন্ধিয়া ধ্বংসাৱশেষৰ পৰা এটা ছবছৰীয়া শিশুক জীৱিত অৱস্থাত উলিয়াই অনা হয়। বৰ্তমান শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাধীন হৈ আছে। প্ৰায় তিনিদিন ধৰি ধ্বংসাৱশেষৰ মাজত জীয়াই থাকিল শিশুটি। শিশুটিক জীৱিত অৱস্থাত দেখি মানুহ আচৰিত হয়, কিয়নো কেনেকৈ তিনিদিন ধৰি পানী এটুপিও নোখোৱাকৈ জীয়াই থাকিল সেয়া ভাবিবলগীয়া কথা।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment