Daily Time Axom

অভিনেতা কমল হাছানক চিকিৎসালয়ত ভৰ্তি

0 40

দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। খবৰ অনুসৰি বুধবাৰে কমল হাছানৰ তীব্ৰ জ্বৰ হয় আৰু তাৰ পিছত তেওঁক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।চিকিৎসকে তেওঁক আগন্তুক কেইদিনমানৰ বাবে সম্পূৰ্ণ জিৰণি ল’বলৈ পৰামৰ্শ দিছে। কিছুমানৰ মতে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবেহে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে এতিয়ালৈকে কমল হাছানে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। উল্লেখ্য যে, অভিনেতাগৰাকীক আজি চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.