বিৰোধী দলৰ নেতা আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
আজি স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাত আনোৱাৰে শপত গ্ৰহণ কৰিব। দেশৰ ৰজাই আল চুলতান আব্দুল্লাৰ এই শপত পাঠ কৰিব।
এক বিবৃতিত কোৱা হৈছে যে আজি পুৱা মালয়ৰ শাসকৰ মাজত আলোচনাৰ জৰিয়তে এই সিদ্ধান্ত লোৱা হৈছে। এই সময়ত দেশৰ ৰজাই মালয়েছিয়াৰ ভৱিষ্যত ৰক্ষাৰ বাবে সকলো সংসদ সদস্যৰ মাজত ঐক্যৰ আহ্বান জনায়।
শনিবাৰে মালয়েছিয়াৰ সাধাৰণ নিৰ্বাচনত আনোৱাৰ ইব্ৰাহিমৰ পাকাটান হাৰাপান (পি এইচ) মিত্ৰজোঁটে ৮২ খন আসন লাভ কৰাৰ বিপৰীতে মুহীদ্দিন ইয়াছিনৰ পেৰিকাটান নেচনেল (পি এন)য়ে ৭৩ খন আসন লাভ কৰে।
২২২খন আসনৰ সংসদত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সমৰ্থন কোনো দলেই দেখুৱাব নোৱাৰিলে। দেশত চৰকাৰ গঠনৰ বাবে ১১২ খন আসন নিশ্চিত কৰিব লাগিব।