নিউজ ডেস্ক,২৫ নৱেম্বৰ: মিকিৰভেটাৰ ভেহুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত ১জন, গুৰুতৰভাৱে আহত ২জন। মিকিৰভেটা আৰক্ষী চকীৰ এলেকাধীন বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ভেহুগুৰিৰ দীঘলী পথাৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, একে দিশৰ পৰা আহি থকা AS-02-AJ9013 আৰু AS-02-AJ0987 নম্বৰৰ দুখন বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত ফৰিদুল ইছলাম নামৰ যুৱক জন থিতাতে নিহত হয় আৰু আহত হয় দুই যুৱক। ঘটনা স্থলীত বৰিবজাৰ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁওলৈ প্ৰেৰণ কৰে।