Daily Time Axom

অনুমতি অবিহনে অমিতাভ বচ্চনৰ কণ্ঠ আৰু প্ৰতিচ্ছবি ব্যৱহাৰ কৰিব নোৱাৰিব-দিল্লী উচ্চ ন্যায়ালয়ৰ বিশেষ আদেশ

43

নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ বলীউদৰ বিশিষ্ট অভিনেতা অমিতাভ বচ্চনৰ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু । তেওঁ নিজৰ নাম, কণ্ঠস্বৰ আৰু ব্যক্তিত্বৰ অধিকাৰৰ সুৰক্ষা বিচাৰি এই গোচৰ ৰুজু কৰিছে।এই বিষয়ৰ শুনানিত বিশিষ্ট অধিবক্তা হৰিশ চালভেই ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ মেগাষ্টাৰগৰাকীৰ হৈ আদালতত উপস্থিত হৈছিল।

আজি দিল্লী উচ্চ ন্যায়ালয়ে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ ব্যক্তিত্ব আৰু প্ৰচাৰৰ অধিকাৰ সামগ্ৰিকভাৱে উলংঘা কৰাৰ পৰা বাধা দি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰে। অমিতাভ বচ্চনক সকাহ দি ন্যায়াধীশ নবীন চাওলাই কৰ্তৃপক্ষ আৰু দূৰসংযোগ বিভাগক নিৰ্দেশ দিয়ে যে ৰাজহুৱাভাৱে উপলব্ধ অমিতাভ বচ্চনৰ নাম, ফটোসমূহ তৎকালীনভাৱে আঁতৰাই পেলাব লাগে।

Comments are closed, but trackbacks and pingbacks are open.