নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ অৱশেষত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে তেওঁলোকৰ কন্যাৰ নাম প্ৰকাশ কৰে। সামাজিক মাধ্যমত আলিয়াই নিজ কন্যাৰ নাম প্ৰকাশ কৰি কৈছে, এই নাম দিছে স্বামী ৰণবীৰৰ মাতৃ তথা অভিনেত্ৰী নীতু কাপুৰে। আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ জীৱনলৈ যোৱা ৬ নৱেম্বৰত আহিছিল তেওঁলোকৰ প্ৰথম সন্তান।
আলিয়া ভাটে ইনষ্টাগ্ৰামত এটা নতুন পোষ্টত জীয়ৰীৰ নাম দিছে আৰু ইয়াৰ অৰ্থও ব্যাখ্যা কৰিছে।
তেওঁ পোষ্টটোত লিখিছে, “ৰাহা নামটো তেওঁৰ বুদ্ধিমান আৰু আশ্চৰ্যকৰ আইতাই বাছনি কৰিছে, যাৰ বহুতো সুন্দৰ অৰ্থ আছে। ৰাহা মানে হৈছে বিশুদ্ধ ৰূপত – ঐশ্বৰিক পথ। স্বাহিলীত, ইয়াৰ অৰ্থ হৈছে আনন্দ। ৰাহা সংস্কৃতৰ এটা গোত্ৰ। বাংলা ভাষাত নামটোৰ অৰ্থ হৈছে বিশ্ৰাম, সকাহ। আৰবী ভাষাত ইয়াৰ অৰ্থ হৈছে শান্তি। এই নামৰ অৰ্থ হৈছে সুখ, স্বাধীনতা আৰু আনন্দ।”