Daily Time Axom

মৰ্মান্তিক! তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে ধান কাটিবলৈ যোৱা পতি-পত্নীক

79

নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ গোৱালপাৰা জিলাৰ ধনুভাঙাত ভয়ংকৰ ঘটনা৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ ধনুভাঙাৰ আৱৈমাৰীত সংঘটিত হৈছে কৰুণ এই ঘটনাটো৷ ৰে’লৰ খুন্দাত নিহত ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫)৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল৷ নতুন পথেৰে ৰে’ল চলাচল আৰম্ভ হোৱাৰ কথা গম নপোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো৷

Comments are closed, but trackbacks and pingbacks are open.