নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ ঘোষণা কৰা হৈছে দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি এইবাৰৰ বাবে প্ৰদান কৰা সংগীত নাটক অকাডেমী অমৃত বঁটাপ্ৰাপকৰ নাম।
প্ৰখ্যাত বেহেলাবাদক মিনতি খাউণ্ডলৈ, ব্যাস ওজাপালিলৈ অৱদান আগবঢ়োৱাৰ বাবে গুৰুপ্ৰদাস ওজালৈ, সত্ৰীয়া ওজাপালিৰ বাবে গুৰুপ্ৰসাদ ওজালৈ আৰু লোকসংগীত আৰু লোক নৃত্যৰ বাবে মাখন চন্দ্ৰ বৰালৈ ২০২২ বৰ্যৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হয়।
লোক সংগীত, লোক নৃত্যৰ একনিষ্ঠ সাধক প্ৰসন্ন গগৈয়ে ২০২১ বৰ্ষৰ লোক সংগীত আৰু লোক নৃত্যৰ বাবে সংগীত নাটক অকাদেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, সত্ৰীয়া নৃত্যৰ শিল্পী ৰঞ্জুমণি শইকীয়াই ২০১৯ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
পৰিচালক অৱিনাশ শৰ্মা, অভিনয়ৰ ক্ষেত্ৰত প্রাঞ্জল শইকীয়া ২০১৯ বৰ্ষৰ আৰু লোকশিল্পী গুণীন্দ্র নাথ ওজাও নিৰ্বাচিত হৈছে সংগীত নাটক অকাদেমী বঁটাৰ বাবে। দেশৰ মুঠ ১২৮ গৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে।