Daily Time Axom

আজি অভিশপ্ত ২৬/১১, মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ ঘটনাই অতিক্ৰম কৰিলে ১৪টা বছৰ

39

নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ ঘটনাই অতিক্ৰম কৰিলে ১৪টাকৈ বছৰ৷ আজি সেই অভিশপ্ত ২৬/১১ ৷ ২০০৮ চনৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৪ গৰাকী লোকে৷ নিমিষতে তেজেৰে ৰাঙলী হৈ পৰিছিল মায়ানগৰীৰ ভিন্ন প্ৰান্ত৷ ৩শতাধিকৰো অধিক লোক আহত হৈছিল এই ঘটনাত৷

১৪ বছৰৰ আগৰ এই দিনটোত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ এটা দলে ছত্ৰপতি শিৱাজী টাৰ্মিনাস, অবেৰয় ট্ৰাইডেণ্ট আৰু তাজ পেলেচ এণ্ড টাৱাৰকে ধৰি কেইবাটাও ঠাইত কেইবাটাও আক্ৰমণ চলাইছিল

Comments are closed, but trackbacks and pingbacks are open.