Daily Time Axom

হাতীগাঁৱত পানী কঢ়িওৱা বাহনৰ খুন্দাত নিহত বিকিৰণ সিনহা নামৰ এজন কলেজীয়া ছাত্ৰ

51

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ মহানগৰীৰ হাতীগাঁও মন্দিৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটী আৰু পানী কঢ়িওৱা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহীজন। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS01FF1667 আৰু পানী কঢ়িওৱা বাহনখনৰ নম্বৰ AS01LC 8326।

উল্লেখ্য যে স্কুটী আৰোহীজন লখৰাৰ বিশ্বজিত সিনহা বুলি জানিব পৰা গৈছে। গুৱাহাটী কলেজৰ ছাত্ৰ আছিল বিশ্বজিত। হাতীগাঁৱৰ দিশৰ পৰা ৰাজধানী মছজিদ দিশে গৈ আছিল স্কুটী আৰোহী বিশ্বজিত। তাৰ বিপৰীত দিশৰ পৰা আহি আছিল পানী কঢ়িওৱা মেজিক ভেন খন।

Comments are closed, but trackbacks and pingbacks are open.