Daily Time Axom

বিদ্যাছিং লেকথেৰ পৰিয়ালক এককালীন সাহায্য ৰাজ্য চৰকাৰৰ, লেকথেৰ নামেৰে নামকৰণ হ’ব কাৰ্যালয়

53

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ বিদ্যাছিং লেকথেৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ। বিদ্যাছিং লেকথেৰ নামেৰে নামকৰণ হ’ব কাৰ্যালয়। কাৰ্যালয় চৌহদত লেকথেৰ প্ৰতিমূৰ্তি স্থাপনৰ ঘোষণা মন্ত্ৰী যোগেন মহনৰ৷ বিদ্যাছিঙৰ পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰো আশ্বাস৷

লগতে বিদ্যাছিং লেকথেৰ ঘৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হয়। শনিবাৰে নিশা লেকথেৰ ঘৰত উপস্থিত হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুক্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি বিদ্যাছিং লেকথেক বীৰ বুলি ঘোষণা কৰে।

আনহাতে, লেকথেই অৱসৰ নোহোৱালৈকে তেওঁৰ দৰমহা পৰিয়ালক দিয়াৰ আশ্বাস দিছে মন্ত্ৰী যোগেন মোহনে।

Comments are closed, but trackbacks and pingbacks are open.