নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ শিৱসাগৰ বিক্ৰমপুৰ তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইক আৰু মালবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বাইক আৰোহী দুজন থিতাতে নিহত হয়। নিহত দুজনৰ ভিতৰত এজন যুৱক আৰু এগৰাকী যুৱতী আছিল।
জানিব পৰা মতে, নিহত যুৱতী গৰাকীৰ নাম পূজা বৰুৱা আৰু নিহত যুৱকজন শিৱসাগৰৰ তাৰিক আলী।
Comments are closed, but trackbacks and pingbacks are open.