নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ গুৱাহাটীৰ ৮ বছৰীয়া গুঞ্জন সিনহাক কালাৰ্চত প্ৰচাৰিত নৃত্যৰ ৰিয়েলিটি শ্ব’ ‘ঝলক দিখলা জা ১০’ৰ বিজয়ী হিচাপে ঘোষণা কৰা হয়। গুঞ্জন সিনহাই ট্ৰফী আৰু ২০ লাখ টকাৰ এখন চেক লাভ কৰে।
এই শ্বটোৰ বিচাৰক আছিল বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহীয়ে। কমেডিয়ান মনীশ পলে আয়োজন কৰিছিল এই অনুষ্ঠানটো।
প্ৰতিযোগিতাখনত শীৰ্ষ তিনি গৰাকী গুঞ্জন, ফেজাল আৰু ৰুবিনাৰ মাজত হৈছিল আৰু বিচাৰকসকলে গুঞ্জনক বিজয়ী ঘোষণা কৰে।