নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ বিহপুৰীয়াৰ সন্তপুৰ পাচঁআলিত ভয়ংকৰ অগ্নিকাণ্ড। দেওবাৰে নিশাৰ ভাগত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত কেইবাখনো দোকান ভস্মীভূত হয় ৷
জানিব পৰা মতে, অগ্নিকাণ্ডত পাঁচআলিৰ ব্যবসায়ী প্ৰবোধ গোহাঁই, প্ৰদীপ চেতিয়া, অজিত ফুকন আৰু ৰঙাই গগৈৰ দোকান কেইখন জ্বলি ভস্খীভুত হোৱাৰ লগতে দোকানৰ ভিতৰতে ৰঙাই গগৈ নামৰ ৫৮ বছৰীয়া ব্যবসায়ী জন অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লয় ।
Comments are closed, but trackbacks and pingbacks are open.