নগাঁৱৰ ৰূপহীহাটৰ গুণাবাৰীত ডকাইত আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ, আহত ৰাজীবুল হক নামৰ এজন সাধাৰণ লোক

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ নগাঁৱৰ ৰূপহীহাটৰ গুণাবাৰীত ডকাইত আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ।

আৰক্ষীৰ গুলীত আহত ৰাজীবুল হক নামৰ এজন সাধাৰণ লোক। আনহাতে আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত জামালউদ্দিন আৰু জহিৰুল ইছলাম।

ৰূপহীহাট আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ধৃত দুই ডকাইতক।
ইপিনে ৰূপহীহাটৰ গুণাবাৰীত ডকাইত আৰু আৰক্ষীৰ মাজত সংঘৰ্ষত আৰক্ষীৰ গুলীত ৰাজিবুল হক নামৰ এজন সাধাৰণ লোক আহত হোৱাকলৈ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে লগে লগে ৰূপহীহাট আৰক্ষী থানাত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰে।আৰক্ষীয়ে এই অভিযানৰ সময়ত উদ্ধাৰ কৰিছে এটা পিষ্টল ৷

AssamDaily time axomfiringIndiaInjuredNagaonNagaon Police