ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ AMCHত ৰেগিং কাণ্ডৰ বাবে বহিষ্কৃত হ’ল দুই ছাত্ৰ

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ AMCHত ৰেগিং বিতৰ্ক। ৰেগিঙৰ বাবে দুজন ছাত্ৰক বহিষ্কাৰ কৰা হৈছে।

ছমাহৰ বাবে অস্থিৰোগ বিভাগৰ ছাত্ৰদ্বয়ক বহিষ্কাৰ কৰা হৈছে। বহিষ্কৃত ছাত্ৰ দুজন হৈছে ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ ছাকেট ছৰফ। অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এখন জাননী যোগে এই কথা ঘোষণা কৰিছে।

ৰেগিঙৰ সংক্ৰান্তত ছাত্ৰ দুজনক শ্ৰেণীৰ পৰা ৬ মাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই যেতিয়া জানিব পাৰে যে ছাত্ৰ দুজনে তেওঁলোকৰ কনিষ্ঠ ছাত্ৰক ৰেগিং কৰিছিল তেতিয়া এখন তদন্ত কমিটী বহুৱাই ঘটনাৰ সত্য-সত্যতা প্ৰমাণ পোৱাৰ পিছতে ছাত্ৰ দুজনক বহিষ্কাৰ কৰে।

AMCHAssamDaily time axomDibrugarhExpelIndiaRagging