ৰাজ্যিক কেবিনেটত সিদ্ধান্তঃ মহানগৰীত নিৰ্মাণ কৰা হ’ব তিনি খনকৈ নতুন উৰণীয়া সেঁতু

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ শিলচৰত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ কয় যে গুৱাহাটী মহানগৰীত পুনৰ তিনিখন নতুন উৰণীয়া সেঁতু নিৰ্মান হ’ব।

ডাউন টাউন, ফটাশিল, গড়চুকত হ’ব উৰণীয়া সেতু। ফটাশিল-কুমাৰপাৰা পইণ্টত হ’ব উৰণীয়া সেতু। সমগ্ৰ জিএছ ৰোড ট্ৰেফিক পইণ্ট বিহীন কৰাৰ পৰিকল্পনা চৰকাৰৰ।

আনহাতে গুৱাহাটীৰ বিমানবন্দৰৰ পৰা আজাৰালৈ হ’ব নতুন পথ। পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰো পৰিকল্পনা চৰকাৰৰ। মাজুলী-লখিমপুৰ সংযোগী দলং নিৰ্মাণৰো সিদ্ধান্ত লোৱা হৈছে।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndiaSilcharState Cabinet