মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে জাহ গ’ল ২০ খনতকৈও অধিক দোকানৰ লগতে বাসগৃহ

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ২০ খনতকৈয়ো অধিক সৰু বৰ দোকানৰ লগতে কেইবাটাও বাসগৃহ নিমিষতে জাহ যায়। দিনৰ প্ৰায় ১২ বজাত পাৱৈ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত কেইবালাখ টকাৰ সা-সম্পত্তিৰ ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ১০ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰে যদিও ইতিমধ্যে অগ্নিকাণ্ডত দোকানসহ ২০/২৫ টা বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। ডিগবৈ আৰক্ষী ঘটনা স্থলীত উপস্থিত হোৱাৰ লগতে অগ্নি নিৰ্বাপিত কৰাত অগ্নি নিৰ্বাপক বাহিনীক সহযোগিতা আগবঢ়ায়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি জাবৰত জুই লগোৱাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

AssamBurntDaily time axomIndiaMargheritaMargherita PoliceMassive fire