Daily Time Axom

আজি প্রদান কৰা হ’ব ড০ বাণীকান্ত কাকতি মেধা বঁটা

57

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ আজি খানাপাৰাত ড০ বাণীকান্ত কাকতি মেধা বঁটা অনুষ্ঠান। ৩৫,৮০০ শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে প্ৰদান কৰিব স্কুটী। আজি কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাৰ শিক্ষাৰ্থীয়ে পাব এই স্কুটী।

৬০ শতাংশ নম্বৰ লাভ কৰা ২৯,৭৪৮ গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হ’ব স্কুটী আৰু  ৭৫শতাংশ নম্বৰ লাভ কৰা ৬,০৫২জন ছাত্ৰই লাভ কৰিব স্কুটী।

খানাপাৰা পশু চিকিত্‍সা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান। দিনৰ ২ বজাত আৰম্ভ হ’ব অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু।

Comments are closed, but trackbacks and pingbacks are open.