নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ কৰ্ণাটকৰ বাগলকোটত এক আচৰিত ঘটনা। ৰোগীৰ পেটত ১৮৭টা খুচুৰা পইছা পালে চিকিৎসকে। বমি আৰু পেটৰ অসুখত ভুগি থকা লোকজনক অস্ত্ৰোপচাৰ কৰোঁতে চিকিৎসকে পালে খুচুৰাখিনি। বিগত ২-৩ মাহমানৰ পৰা দৈনিক খুচুৰা পইচা গিলি আহিছিল মানসিকভাৱে বিকাৰগ্ৰস্ত লোকজনে।
বমি আৰু পেট বিষ অনুভৱ কৰাত পৰিয়ালৰ লোকে লৈ যায় হাস্পতাললৈ। অৱশেষত ৰোগীজনৰ পেটৰ পৰা চিকিৎসকে উলিয়াবলৈ সক্ষম হয় ৫৬টা ৫টকীয়া মুদ্ৰা, ৫১টা দুটকীয়া মুদ্ৰা আৰু ৮০টা এটকীয়া মুদ্ৰা।