Daily Time Axom

লখিমপুৰৰ হাৰমতীত বিধ্বংসী অগ্নিকাণ্ড

32

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ মেৰবিল বৰদলনী গাঁৱৰ শিক্ষয়ত্ৰী কৃষ্ণা চুতীয়াৰ বাস গৃহত দাউ দাউকৈ জ্বলি ক্ষন্তেকতে চাই হৈ গ’ল বাসগৃহ।কথমপি জীৱন ৰক্ষা পৰিল দুই কনমানিৰ।সন্ধিয়া গোসাই ঘৰত সেৱা প্ৰাৰ্থনা কৰাৰ সময়তে ভিতৰৰ কোঠাৰ পৰা জুই লাগে। জুইৰ প্ৰকোপ ইমানেই বেছি যে ঘৰৰ পৰা কোনো এপদো বস্তু উলিয়াবলৈ সক্ষম নহল।

জানিব পৰা মতে সন্ধিয়া ধুণাবাঁতিৰ পৰাই জুই লগাৰ সন্দেহ। স্থানীয় শতাধিক ৰাইজে জুই নিৰ্বাপিত কৰাৰ প্ৰায় ডেৰ ডেৰঘণ্টাৰ পিছতহে বিহপুৰীয়া অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হয়।

Comments are closed, but trackbacks and pingbacks are open.